Bhutan and India's Mindfulness city Project
শেহতীয়াকৈ ভূটানে ভাৰতৰ লগত যৌথভাৱে মিলি গেলেপুত অৰ্থশীল চহৰ গঢ়ি উঠাৰ পদক্ষেপ হাতত তুলি লৈছে । সেই সম্পৰ্কে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে ভাৰতক সহায়ৰ হাত বঢ়োৱাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছে।আশা কৰা হৈছে যে এই আচঁনি বা প্ৰজেক্টখনে ২৫০০ কিলোমিটাৰ বিস্তৃত অঞ্চলত শূণ্য কাৰ্বন বহন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ।
বৃটেইনে ২০৫০ চনৰ নেট জিৰ ইমিচন টাৰ্গেট নীতিৰ আইন উন্মোচন কৰিছে ,ইয়াৰ ফলত বৃটেইনে গোলকীয় উষ্ণতা বৃদ্ধিত ৰোধ কৰাৰ বাবে Group of 7 ৰ লগত মিলি আলোচনাত বহি মুকলি কৰা হয়। এই আইনখন জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত বৃটেইনৰ বাবে ত্ৰিছ বছৰৰ বেছি সময়ৰ বাবে এই আইনখন বাধ্যতামূলক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।বৃটেইন চৰকাৰে ২০৫০ চনৰ ভিতৰতে "নেট জিৰ"ৰ সেউজগৃহ গেছ নিশ্চিত কৰাৰ পৰিকল্পনা কৰিছে অৰ্থাৎ ঘৰ,পৰিবহন,কৃষি,উদ্যোগৰ পৰা নিৰ্গমন সম্পুৰ্ণৰূপে এৰাই চলিব লাগিব আৰু বৃক্ষ ৰোপন কৰাত গুৰুত্ব দিয়াত মনোনিৱেশ কৰাৰ দিহা লোৱা হৈছে ।
International Co-Operative Alience ৰ সন্মিলিত বৈঠকত
এই সম্পৰ্কে ভাৰতৰ ৰাজধানী নতুন দিল্লীত The International Co-Operative Alience ৰ Global Conference ত এই বিষয়ে মিলিত হৈ আলোচনা কৰা হ'য়। এই সন্মিলিত বৈঠকখনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰকল্পৰ বিষয়ে উদ্ধোধন কৰে । এই সন্মিলিত সভাখনত ১০০ খন দেশৰ ১০০০ জন প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে । ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই প্ৰকল্পটোৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰে ।
ভাৰত চৰকাৰৰ দৃষ্টিত
পৰৱৰ্তী সময়ত এই প্ৰকল্পৰ জৰিয়তে স্থানীয় লোক সকলে তথা কৃষক সমাজে উপকৃত হ'ব বুলি ভাৰতৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই বিষয়ে সদৰি কয়।
গেলেফু চহৰ
ভূটানৰ প্ৰধানমন্ত্ৰীয়ে মন্তব্য দিয়ে যে এই গেলেফু মাইণ্ডগুলনেছ নগৰখনক জ্ঞান,প্ৰযুক্তি আৰু বিত্তৰ কেন্দ্ৰ হিচাপে বৰ্ণনা কৰা হৈছে । তেওঁ দৃঢ়তাৰে কয় যে ভূটানৰ প্ৰতিজন নাগৰিক নাগৰিক শ্বেয়াৰ হলডাৰ আৰু ষ্টকহলডাৰ হ'ব । ইয়াৰ দ্বাৰা ভূটানৰ সহযোগীতামূলক মনোভাৱৰ প্ৰতি দায়বদ্ধতা বাঢ়ি আহিব।
অসমৰ দৰঙাত ভাৰত-ভূটানৰ বৃহৎ চেকপষ্ট (ICP) উদ্বোদন কৰে । এই অনুষ্টানত অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যওঁ উপস্থিত থাকে ।এই চেক পষ্টৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় সীমান্তত শুল্ক আৰু অনুপ্ৰৱেশৰ প্ৰক্ৰিয়াক সুশৃংখলভাৱে চোৱা-চিতা কৰিব পৰাকৈ গঠন কৰা হৈছে ।ICP মূল উদ্দেশ্য হৈছে ভাৰত আৰু ভূটানৰ মাজত বানিজ্য আৰু পৰিবহন তথা যাতায়ত সূচল কৰা ।ICP দৰঙৰ মূল ৭০০ মিটাৰ দুৰত্বত ইয়াৰ সুবিধাসমুহ ঃ
- প্ৰশাসনিক কাৰ্যালয় কামকাজৰ সহজ কৰা
- বাহনৰ বাবে পাৰ্কিং স্থান
- মালবাহী সামগ্ৰীৰ বাবে লোডিং আৰু আনলোডিং জন
- সামগ্ৰী মজুত ৰখাৰ বাবে ভৰাল
- বিষয়া সকলৰ বাবে আৱাসিক /কোৱাৰ্টাৰ
ভূটানৰ কুটনৈতিক সহযোগীতা
এই প্ৰকল্পৰ জৰিয়তে ভূটানৰ ৰজা ভাৰতলৈ দুবাৰকৈ ভ্ৰমণ কৰিছে । তেওঁৰ এই ভ্ৰমণৰ লক্ষ্য হৈছে ভাৰতৰলগত আন্তঃগাথনি বিনিয়োগ আৰু সহযোগীতা লাভ কৰা । ভাৰত আৰু ভূটানৰ মাজৰ আলোচনাৰ লক্ষ্যত আছিল শিক্ষা,আই টি আৰু সুস্থতা খণ্ড।শেহতীয়াকৈ ভূটানৰ ৰজা ভ্ৰমণ কৰিছে চাৰিবাৰকৈ ,তাৰোপৰি ভূটানৰ ৰজাই ভাৰতৰ উদ্যোগপতি আদানীৰ লগত মিলিত হৈ নৱীকৰণযোগ্য শক্তি আৰু আন্তঃগাথনি প্ৰকল্পৰ ক্ষেত্ৰত আলোচনাত মিলিত হৈছিল।
পৰীক্ষাৰ দৃষ্টিতঃ
গেলেফু মাইণ্ডফুলনেছ নগৰঃ- এই নগৰৰ জৰিয়তে ভূটানৰ বৃহৎ সমবায় পদক্ষেপ।২৫০০০ কিলোমিটা বিস্তৃত অঞ্চল ,বহনক্ষমতা আৰু সমন্ধয়ৰ ওপৰত লক্ষ্য বুলি ঠাৱৰ কৰা হৈছে ।
আন্তঃৰাষ্ট্ৰীয় সমবায় মিত্ৰতাঃ- মিত্ৰতা হৈছে সমবায়ক প্ৰচাৰ কৰা এক বিশ্বব্যাপী সংস্থা,যত শেহতীয়াকৈ নতুন দিল্লীত আলোচনাত মিলিত হৈছিল।
প্ৰাথমিক কৃষি ঋণঃ- এই বৃহৎ প্ৰকল্পই ভাৰতৰ জনগণক তথা কৃষক সমাজক অতিকৈ সহায়ক হ'ব বিত্তীয় সাহাজ্যৰ বাবে ।
প্ৰাথমিক কৃষি ঋণৰ বিষয়ে ২০২৩ চনৰ কেন্দ্ৰীয় বাজেটত উল্লেখ কৰা হৈছিল। ইয়াৰ লক্ষয় আছিল তেওঁলোকৰ কাৰ্যকলাপত স্বচ্ছতা আৰু জবাবদিহিতা আৰু তেওঁলোকক তেওঁলোকৰ ব্যৱসায়ৰ বৈচিত্ৰ্যতা আৰু অধিক কাৰ্য্যকলাপ গ্ৰহণ কৰিবলৈ সক্ষম হোৱা। বিভিন্ন সেৱা যেনে প্ৰত্যেক্ষ লাভ হস্তান্তৰ কৰা,সুত সাহাৰ্য্য আঁচনি ,শস্য বীমা আঁচনি আু বীজ প্ৰদানত নডেল কেন্দ্ৰ গঢ়ি তোলা।
এই লেখাটি বাতৰিৰ ওপৰিওঁ চাকৰিমূলক প্ৰতিযোগীতা পৰীক্ষাৰ বাবে যুগুতোৱা হৈছে। আপুনি যদি আমাৰ লেখাটো পঢ়ি ভাল পাইছে আপোনাৰ বন্ধু-বৰ্গলৈ চেয়াৰ কৰিবলৈ নাপাহৰিব।