Supreme Courts Upholds Section 6A
শেহতীয়াকৈ বাতৰিত,
শেহতীয়াকৈ উচ্চতম ন্যায়লয়ে নাগকৰিত্ব আইন ১৯৫৫ চনৰ ৬ এ ধাৰাক সাংবিধানিক বাবে সমৰ্থন কৰে ।
ভাৰতৰ উচ্চতম ন্যায়লয়ে ১৯৫৫ চনৰ ভাৰতৰ নাগৰিকত্ব আইনৰ ৬ ধাৰা(Section 6 A)ৰ বৈধতা গ্ৰহণ কৰে। উচ্চতম ন্যায়লয়ে ৪:১ সংখ্যাগৰিষ্টতাত এই ৰায়দান দিয়ে । ন্যায়ধীশ সুৰ্যকান্তেৰ নেতৃত্বত এই বৈধতা সমৰ্থন কৰে ।
চমুকৈ ধাৰা ৬ এ কিয় /About of Section 6A
পূৱ পাকিস্তান বৰ্তমানৰ বাংলাদেশৰ পৰা অহা বিদেশী প্ৰব্ৰজনকাৰীৰ সমস্যাসমুহক সমাধান কৰিবলৈ ১৯৮৫ চনৰ ১৫ আগষ্টত ৬ এ ধাৰা প্ৰৱৰ্তন কৰা হয়।
বৈশিষ্ট্য:-
যি সকলে ১৯৭১ চনৰ ২৫ মাৰ্চৰ পূৰ্ৱে অসমত প্ৰৱেশ কৰিছে ,এই প্ৰব্ৰজনকাৰীসকলে অসমত নাগৰিকত্বৰ সুবিধা লাভ কৰিব পাৰিব।
এই তাৰিখৰ পিছৰ পৰা যি সকলে অসম বা ভাৰতলৈ প্ৰৱেশ কৰিছিল তেওঁলোকক বিদেশী বুলি গণ্য কৰা হ'ব।
যি সকলে ১৯৬৬ চনৰ ১ জানুৱাৰীৰ পূৰ্বে অসমত আহি বসবাস কৰি আছে তেওঁলোক ভাৰতীয় নাগৰিকৰ স্বীকৃতি প্ৰদান।
১৯৬৬ চনৰ ১ জানুৱাৰীৰ পৰা ১৯৭১ চনৰ ২৪ মাৰ্চৰ ভিতৰত অহা প্ৰব্ৰজনকাৰীসকলে দহবছৰৰ ভোটাধিকাৰ বাহিৰে সম্পুৰ্ণ নাগৰিকত্ব প্ৰদান।
চমুকৈ ভাৰতৰ নাগৰিকত্ৱ কি ?
অনুচ্ছেদ ৫ ৰ মতে ,ভাৰতত বাস কৰা লগতে ভাৰতত জন্ম গ্ৰহণ কৰা সকলক নাগৰিকত্ব দিয়া ।আনহাতে যি সকল ভাৰতত জন্ম গ্ৰহণ কৰা নাছিল বা ভাৰতত জন্ম গ্ৰহণ কৰা নাই কিন্তু তেওঁলোকৰ পূৰ্ৱপুৰুষ ভাৰততেই আছিল । তেওঁলোকক ভাৰতৰ নাগৰিক বুলি গন্য কৰা হয় ।পাচ বছৰতকৈ অধিক থকা সকলে ভাৰতৰ নাগৰিকত্ব লাভ কৰিছিল।
অনুচ্ছেদ ৬ কিছুমান বিশেষ ব্যক্তিসকলকে নাগৰিকত্ব প্ৰদান কৰা হৈছিল।যি সকল পাকিস্তানৰ পৰা ভাৰতলৈ প্ৰব্ৰজন কৰিছিল।ভাৰতত কোনোবা এজন পূৰ্ৱপুৰুষ থাকিব লাগিব ।
অনুচ্ছেদ ৭ ৰ মতে যিসকলে পাকিস্তানলৈ প্ৰব্ৰজন কৰিছিল,১৯৪৭ চনৰ ১ মাৰ্চৰ পিছত পাকিস্তানলৈ প্ৰব্ৰজন কৰা ভাৰতলৈ উভতি অহাসকলক নাগৰিকত্ব প্ৰদান কৰা।
অনুচ্ছেদ ৮ ৰ মতে ভাৰতৰ বাহিৰত তথা বিদেশত থকা প্ৰবাসী ভাৰতীয়ক নাগৰিকত্ব প্ৰধান কৰা ।
অনুচ্ছেদ ৯,কোনো এজন ভাৰতীয় বিদেশৰ নাগকৰিত্ব গ্ৰহণ কৰিলে ভাৰতৰ নাগৰিকৰ যোগ্য ন'হব।
প্ৰত্যাহ্বান
উচ্চতম ন্যায়লয়ৰ এনে ৰায়দানে ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ৬ আৰু ৭ মহীষুৰ কৰিছে বুলি একাংশই দাবী প্ৰদান কৰিছে । তেওঁ যুক্তিযুক্ততা কৰিছে যে ৬ এ ধাৰাই প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে বৈষম্যমূলক নীতি আৰু অনুচ্ছেদ ১৪ সমতাৰ অধিকাৰ উলংঘা কৰিছে বুলি উত্থাপন কৰিছে । তাৰোপৰিওঁ অসমীয়া জন-জাতীয় তথা আৰ্থসামাজিক ,ভাষা ,সংস্কৃতি অধিকাৰৰ অনুচ্ছেদ ২৯ কো উলংঘা কৰিছে বুলি একাংশৰ তীব্ৰ বিৰোধিতা কৰিছে ।
ন্যায়ধীশ পাৰ্দিশালাৰ মন্তব্যঃ
ৰায়দানৰ সময়ছোৱাত ন্যায়ধীশ পাৰ্দিশালাই মন্তব্য কৰে যে পূৰ্ৱতে ৬ এ ধাৰা সকলোৰ বাবে গ্ৰহণযোগ্য আছিল যদিওঁ বৰ্তমানৰ অবৈধ প্ৰব্ৰজনকাৰীক ৰোধ কৰিব পৰা নাই সেয়ে তেখেতে মন্তব্য দিয়ে যে ৬ এ ধাৰা(Section 6 A) হৈছে অসাংবিধানিক।
এই ৰায়দানৰ প্ৰভাৱ
◼ভাৰতলৈ অহা অনুপ্ৰৱেশকাৰীক স্বীকৃতি।
◼অসমীয়া পৰিচয় /চিনাকী সংৰক্ষণ।
◼ভাতৃত্ববোধ আৰু এক্যতাৰ সংৰক্ষণ ।
◼ভাৰত তথা অসমৰ যুৱপ্ৰজন্মৰ বাবে কৰ্মসংস্থাপনৰ বহল সুবিধা।
◼অৰ্থনৈতিক সবলৰ কামনা লগতে জনসংখ্যা ৰোধ।অপৰাধ আদি।
সামৰণিঃ-
উপৰোক্ত লেখাটিয়ে বৰ্তমানৰ সাম্প্ৰতীক সময়ৰ লগত জড়িত লেখা ,ঘাইকৈ দুদিনৰ আগতে খুউব ট্ৰেণ্ডিঙত থকা বাতৰি Assam's Reaction to Supreme Court On Verdict,Supreme Court Upholds to Section 6A of Citizenship Amendment Act as a valid law.,Whats Section 6A Citizenship Amendment Act,Supreme Court Declare as a law of Section 6 A,আজি উচ্চতম ন্যায়লয় ৬ এ ধাৰাৰ সমৰ্থনৰ ৰায়দান,সুপ্ৰিম কোৰ্থৰ নাগৰিকৰ ৰায়দান। লেখাটিত Section 6 A,Citizenship Amendment কি হয়, অথবা ভাৰতৰ নাগৰিকত্ব কেনেকৈ লাভ কৰিব পাৰি চমুকৈ দুশাৰী লিখাৰ প্ৰয়াস কৰা হৈছে ।আপোনালোক পৰীক্ষা যেনে অসম চৰকাৰৰ APSC(Assam Public Survice Council),Assam Direct Recruitment,ভাৰত চৰকাৰ যেনে UPSC,SSC,RRB,Bank Po বিভিন্ন পৰীক্ষামূলক Current Affairs ৰ বাবে সহযোগী হ'ব বুলি আশা কৰিছো ।
.