শনিবৰীয়া"নিয়ৰ"১.০/নতুন তথ্য অসমীয়া Notun Tathya Asomiya


নতুন তথ্য অসমীয়া ৱেবচাইটলৈ আপোনালোকক আদৰণি জনাইছো,,আমাৰ এই ৱেবচাইটত প্ৰথম প্ৰচেষ্টা প্ৰতিটো শনিবাৰে আমাৰ তৰপৰ "শনিবৰীয়া নিয়ৰ"সম্ভাৰটি সজোৱা হৈছে । খুবেই নবীন ৱেবচাইট,সেয়ে শিতানৰ সংখ্যা ঠাকৰ। আপোনাৰ লেখা সমুহ কাষৰ Notun Tathya Asomiya শব্দটোত ক্লিক কৰিলে প্ৰেৰণ কৰিবলৈ ঠিকনাটো পাব।আমি শনিবৰীয়া শিতানত কবিতা,গল্প,প্ৰবন্ধ প্ৰকাশ কৰিবলৈ চেষ্টা কৰো ।

শনিবৰীয়া "নিয়ৰ ১.০"

নিয়ৰ



কবিতা

নিৰ্মালী

তপন পায়েং

 তোমাৰ প্ৰেমৰ পুষ্পনাদত

তোমাৰ নৃত্যৰ আৰ্তনাদত

ফুলমতী অহ!

তোমাক ৰাণী পাতিছিলো ।

কিন্তু!

যিদিনা তুমি,

ঈশ্বৰৰ প্ৰসাদত কপালত তেজৰ নিৰ্মালী দিলা

এই দিনাৰ পৰা আজিওঁ

তিল-তিলকৈ জীয়াই জীয়াই মৰি আছো॥




অনুভৱৰ আছুতীয়া ৰং বুটলোঁ

ৰুমী কলিতা দত্ত


অনুভৱৰ আছুতীয়া ৰং বুটলোঁ
জীৱনৰ টুলুঙা নাওখন বাই
বিচাৰিছোঁ অনুভৱৰ আছুতীয়া ৰং
অশ্ৰুসিক্ত এযুৰি নয়নে
সুখ-দুখৰ এখনি সাগৰত।
এই মায়াময় পৃথিৱীৰ বোজা হৈ 
এটি অচল যন্ত্ৰৰ দৰে
ধূলিয়ৰীৰ শুকান পৰিবেশৰ মাজেৰে
লিখি গৈছোঁ মোৰ ঠিকনা ।
মোৰ প্ৰেমৰ আলিংগনত
অনুভৱবোৰে বিচৰণ কৰে 
উকা কাগজৰ বুকুৱে বুকুৱে।
সঁচা অনুভৱবোৰে বাট নেহেৰুৱায়
বাট হেৰুৱাই স্মৃতিবোৰে 
আৰু শব্দৰ খনিকৰে।
শব্দৰ একোডাল মুকুতা মালাই
সঞ্জীৱনী বিলাই জ্বলি দিয়ে জীৱন বন্তি।
দূৰ-দিগন্তলৈ আঁতৰি যায়
বিস্তীৰ্ণ পাৰৰ বিষাদবোৰ 
মৰমৰ নদীখন বৈ যায় বিশ্বাসক লগত লৈ
স্বপ্নবিভোৰ পঁজাটিৰ কাষলৈ।
হিয়াৰ মাজত সোণোৱালি দলিচা পাৰি
আছুতীয়া ৰংবোৰে প্ৰেমৰ মালা গাথে 



 এইখন শংকৰ  মাধৱৰ দেশ

চিমন্ত দাস

এইখন শংকৰ মাধৱৰ দেশ 

লাহে লাহে হৈছে সকলো শেষ

গীতাপাঠ ভাগৱতৰ  সুৰে

 জোৰ পেলায় প্ৰকৃত অসমীয়াৰ মন 

 আজানৰ সুৰে লবহি  সেই ঠাই

জানি লবা হে জনগণ।

      জাতি যায় মাটি যায়  ভাষা যায় যায় 

        নিমাত সেই বৰনেতাবোৰে 

         একো ক্ষতি দেখাকে নাপায়।

 এইখন লাচিতৰ দেশ এইখন মুলাৰ দেশ 

এইখন কনকলতাৰ দেশ এইখন কুশলৰ দেশ

টকাৰ লালসাত সকলো নেদেখা বেশ

সহস্ৰ যুঁজাৰুৱে জাতিৰ হকে প্ৰাণ দিলে

 নেতাবোৰে সেই কেঁচা তেজৰ শকতি নুবুজিলে।

          মৰিলে মৰিম তৰিলে তৰিম এইখন সোণৰ দেশ

           এইখন মোৰ  জন্ম জন্মান্তৰ দেশ।

           জুয়ে পুৰি হাত পালে এনেকৈ নাথাকিবা ৰৈ

            ৰাজপথ কঁপাই দিয়া দলে বলে গৈ।

  হয় যদি মৃত্যু এয়া হব ইতিহাস 

জিলিকিব সোণালী পাতত

নহলে কিহৰ বাবে জীয়াই আছা

যদি নিজস্ব ভাষাটোও নাথাকে মুখত।




অণুগল্প       

দুঃস্বপ্ন

তপন পায়েং

দিনৰ দিনটো এনে ঘৰতে বহি থাক মোবাইলত জানো কি কৰি থাক,চোৱা! চোৱা! তোমাৰ লগৰ ভৱেশ,বিশ্বহঁতক নিজৰ পৰিয়ালৰ কাৰণে বাহিৰত কাম কৰি আছে ,থকা ঘটি আছে আৰু তই এহাল লৰা-ছোৱালীৰ বাপেকি হৈয়ো নাঙট উঠা ডেকাৰ দৰে পথাৰে পথাৰে ক্ৰিকেট খেলি ফুৰিচা।তিনিআলিৰ এটা চাহৰ দোকানত ৰাকেশে প্ৰজ্ঞানক কৈছে ,ঐ তইতো বিজিনেচমেন হোৱাৰ কথা কৈছিল দেখোন আগতে তইচোন এতিয়া মনোজ বাজপেয়ীহে অভিনীত কৰা ফেমিলী মেন'ৰ নিচিনা হৈ পৰিছেগৈ॥কথাষাৰ শুনাৰ লগে লগে বিচনাৰ পৰা উচপ খাই উঠে অহ !অহ! এইয়া কি সপোন আছিল ,বৰ ডাঙৰ দুৰ্ঘটনা এটা হ'লহেতেন,চাল্লাহ ! মই যে নিজকে এজন ব্যৱসায়ী হ'বলৈ পণ কৰি থৈছিলো এইয়া কি দুঃস্বপ্ন আছিল। দেইত চাল্লাহ,কৃষ্ণ! কৃষ্ণ!!!  





পবিত্ৰ

পপীপ্ৰিয়া প্ৰিয়দৰ্শিনী

আতৈৰ ঘৰত কনমানিজনীৰ বাজলৈ ওলোৱা।কনমানিজনী জন্ম হওঁতে চেহেৰাটো চাই  মানুজনীয়ে কৈছিল ছোৱালীজনীৰ চকু দুটি তোৰ নিচিনা।তাৰ ভাল লাগিলছিল।পিছে একোলা লবলৈ হাতখন আগলৈ দিবলৈ খুজিও সি ৰৈ গৈছিল ।

বাজলৈ ওলোা আগতে কেচুৱাটো মতামানুহটোক লবলৈ দি অপবিত্ৰ  কৰিব খুজিছ কিয়? পৰিয়ালৰ বৰমাক টপৰাই মাতি গালি দিছিল।তাৰ সেইদিন কিবা নিজকে  অপবিত্ৰ যেন লাগিছিল। আজি ২৫ বছৰ  পাছত জী নাতিনীজনী হওঁতে কেচুৱাটো বিয়নীয়েকে আনি তাৰ হাততে থলেহি। বিয়নী কেচুৱাটো বাজলৈ  বুলি কোৱা আগতে জোৱায়েলে আহি ফোনটোত ফটোকেইখনমান তুলি থ'লে।আজিৰ সময়ত গুৰু গোঁসাই নামানে বুলি ন দোষ দি থকা নতুন চামৰ এই চিন্তাধাৰা তাৰ বহুত পবিত্ৰ লাগিল।




Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Followers