শনিবৰীয়া নিয়ৰ ১.২ সংখ্যাটি কবিতামালা নামেৰে সজোৱা হৈছে শীৰ্ষক সংখ্যাটিত,নীল মিলি,অজয় পগাগ,সুখলতা টাইড আৰু কাৰ্চাং তাকাৰৰ কবিতাৰে সজোৱা হৈছে । আশা কৰিছো তেওঁলোকৰ কবিতাসমূহ পঢ়ি ভাল পাব ।
নাৰী
নীল নয়ন মিলি
নাৰী,
তুমি মাতু মাতৃ
তুমি শক্তি সৃষ্টিৰ প্ৰতিৰক্ষী।
নাৰী,
মোৰ মানস পৃথিৱীৰ
নিবিড় মৰম তুমি গভীৰ প্ৰশান্ত।
নাৰী,
চিৰ উজ্জীৱিত মোৰ সেউজ প্ৰাণৰ
হৃদয়ত লিখা এটি কবিতাৰ ছন্দ।
নাৰী,
তুমি প্রশমিত ঢৌ
সাগৰৰ দৰে শান্ত স্নেহময়ী অফুৰন্ত।
নাৰী,
তুমি অর্দ্ধাঙ্গিনী
সুবিশাল আকাশ
যিদৰে আছে বিয়াপি
দু-ৰ দিগন্ত।
নাৰী,
তুমি প্ৰতিভূ জগতৰ
জীৱন্ত খনিকৰ
জাগ্ৰত প্ৰহৰী মহামানৱৰ।
নাৰী,
তুমি আদ্যশক্তি ৰূপী প্ৰেৰণাময়
কৰ্ম, ভক্তি আৰু ধৰ্মৰো
শক্তি প্রাণময়।
নাৰী,
তুমি সুন্দৰ আৰু সেই
সুন্দৰ পৃথিৱীৰ সুগন্ধি
বিলোৱা এপাহি ফুল।
নাৰী,
এই বসুন্দৰা সৃষ্টিৰো তুমিয়েই মূল
এয়েহে আজি হৃদয়ত থাপিছো তোমাৰ প্ৰতিমা তুমি মোৰ হিয়াৰ জ্যোতি চন্দ্রমা।
জীৱন চক্ৰ (মোৰ)
অজয় পগাগ
সযতনে সাঁচি ৰাখিম ৰক্তাশয়ত
যদিও মমবাতিৰ কথা সোঁৱৰাই
মানৱীয়তা মৰমৰ চিন্তাই সংসাৰত,
প্ৰতি নিশা বসুন্ধৰাক পোহৰাই এদিন
অমাবস্যাৰ নিশা নিজেই অন্ধকাৰত।
সফলতা বিফলতা মাজত সকলো
ভাবো কৰ্মৰ কুফল এলেহুৱাৰ কাৰণ,
তথাপিও আৰম্ভনি কোনোদিনে নাই
সুকৰ্মৰ দিশে অভ্যাসৰ ৰূপ ধাৰণ ।
হৃদয়ত সযতনে সাঁচি ৰখা আপোন
পানীৰ তলত কাঁইট হৈ বিন্ধিছে আজীৱন ।
অবিশ্বাস্য যদিও অদৃষ্ট শক্তি হৈ
কাৰোবাৰ উপস্থিতিয়েই জীৱনত
মনত অনুকূল প্ৰেৰণা যোগালে,
যেনেকৈ কোনো অমানিশা ৰাতি
অন্ধকাৰ স্বত্বেও সেউজী ধৰণীক
তৰালিয়ে পোহৰাই তুলিলে ।
তোমাৰ সম্পৰ্ক এপাহ ফুলৰ দৰে
ধুনীয়া হেতুকে সুৰবৈৰীয়ে চিঙি লৈ
হেঁপাহেৰে ছবিঘৰত সজালে,
বিশ্ৰম্ভৰ মূল হিচাপে আপোন পৰ
সকলোৱে আপদৰ কালত দৰ্শায়
যে কিমান বিশ্বাসযোগ্য আছিলে ।
ল'ৰালি ও কৈশোৰ কাল অকলশৰীয়া
যদিও অপগণ্ড স্বভাৱত অঁত লগা মোৰ
জীৱন একেবাৰে নাছিলে ,
ভদ্ৰ হ'ব খোজোঁতে বেমেজালি কাম
আপোন পৰ লগে-সঙ্গে সহস্ৰ জনে
বহুত কাল চুকে-কোণে মোলৈ হাঁহিলে ।
মোৰ অপযশ গাপ দিয়াৰ বাবদ
কোনোবাৰ আশা নিৰাশাৰে ভৰা খিদমত
সুষ্ট বিবেকত হস্তাক্ষৰেৰে উছৰ্গিলে,
আনৰ দুখত দুখি নহ'লেও একেলগে
আউল ভাং কুটুম্বিতা চিদাঙ্গৰ পৰা
চকুৰ পচাৰতে পৰিহৰ কৰিব নোৱাৰা
সঁচাকৈ জীৱনে মোক বহু কথা শিকালে।
শনিবৰীয়া কবিতা মালা |
কি নাম দিম।
সুখলতা টাইড
সপোন সপোন লগা,
এটি জীয়াই সঁচা কথা
ঠুনুকা হৃদয়ৰ কান্দে অকলে
ভাঙে বুলি সপোনৰ পূজা।
প্ৰেমৰ মায়া জালে আগুৰিলে কেওফালে,
সপোনৰ মালা গাঁঠি
অশ্ৰু নিগৰে, নীৰৱে আজি।
সম্ভ্ৰান্ত এই জীৱন চায়াত
নিসংগ হৈ ৰল।
এন্ধাৰৰ মাজত জোনাকীৰ,
জাকে পোহৰ দিয়ে
বিষাদ জীৱন বাটত
এৰি থৈ গলা মোক ৰুগ্ন কৰি।
বিশাল সৰগত বিচাৰি গলা
পৰী, অপেশ্বৰীক
এটি মাথো ৰেণু মই।
নতুন ফাগুন মোৰ নামি আহি
নতুন ফাগুনৰ পছোৱাই মোক চুমা দিয়া।
মৰীচিকা যেন এটি চায়া
মৰীচিকা খেদি খেদি সৌ সিপাৰলৈ
পাৰহীন এটি আশাৰ পণ।
নতুন দিনৰ আগমণ
তপন পায়েং/কাৰ্চাং তাকাৰ
নতুন বছৰবোৰ কিয় আহে ,
নাহিবা বুলিওঁ ক'ব নোৱাৰো পলকতে বাঁহো সাজেচোন
এৰা! দুখৰ দোমোজাতে পৰি থকা হৃদয়খনক
নতুন কাপোৰ পিন্ধোৱাৰ কথাওঁ আছিল,
নতুনতে মন নতুন কৰাৰ কবিতাওঁ কেইবাৰো লিখিছিলো ॥
ঠিকনাৰ সন্ধানত ক'ত হাবাথুৰি খালো
মেপল লিপ ৰ কফি দিয়া ছোৱালীজনীক সুধিছিলো
বাইদেওঁ ইয়াত ! নতুন পাবনে?
নতুন পোৱাৰ লালসাত জেপত হাত দি চালো
নতুন কিনিবলৈ মোৰ হাতত নাই
মাথোন আছে কেৱল শূন্যতাই শূন্যতা॥
বাৰে বাৰে এই নতুনৰেই অসুখ
নতুনক সজাবলৈ নিজেই পুৰণি হৈ গ'ল
নতুনৰ সন্ধানত নিজেই লুকাল,নতুনক বিচাৰি
অথচ
এই বৃদ্ধ বৃক্ষই, নতুন পুলিক সেউজীয়া হ'বলৈ কবলৈ নাপাহৰিল॥
নতুনৰ জন্ম হ'ব,নতুন মুখা পিন্ধা
পুৰণিৰ শ্মশানলৈ যাত্ৰা হ'ব
পুৰণিক জানো নতুন কৰিব পাৰি
অথচ পুৰণিয়ে নিশিকায় নতুনক পুৰণি হ'বলৈ ॥
Very nce
ReplyDelete