শনিবৰীয়া নিয়ৰ ১.১-Notun Tathya Asomiya

শনিবৰীয়া নিয়ৰ ১.১


শনিৰবীয়া নিয়ৰ ১.১

এই সংখ্যাটি অলংকৃত কৰিছে, অজয় পগাগ,সুখলতা টাইদ,কাৰ্চাং তাকাৰ আৰু সূৰ্যকুমাৰ পায়েঙে আশা কৰিছো আপোনালোকে তেওঁলোকৰ লেখা পঢ়ি ভাল পাব॥


 মই "শনিবৰীয়া নিয়ৰ"
মই শনিবৰীয়া নিয়ৰ
মোৰ ঘৰ "নতুন তথ্য অসমীয়া,কবিতা,গল্প,নীলাখামৰ চিঠি,অণুগল্প,প্ৰবন্ধৰ সাজ পিন্ধি ওলাওঁ প্ৰত্যেকটো মাহৰ প্ৰতিটো সপ্তাহৰ শনিবাৰে । আপোনালোকেওঁ মোক সজাব পাৰে ,কুমলীয়া হাতেৰে কবিতা,গল্প,প্ৰবন্ধ আদি অলংকাৰেৰে,,মোৰ প্ৰতিতো কবিতা,গল্প,প্ৰবন্ধ আদি সাজোন আপোনালোকৰ বাবে । পিছে মোৰ সুন্দৰতাৰ বিষয়ে মন্তব্য দিবলৈ নাপাহৰিব কিন্তু।


কবিতা

বিভ্ৰান্তি জীৱন অজয় পগাগ


বিভ্ৰান্তি জীৱন

অজয় পগাগ

সঁচাকৈ এলেহুৱাৰ দিন বোলে নাযায় নুপুৱাই

আসাদন জীৱন বুলি সৰ্বজনে মিলি নচুৱাই,

দিশহাৰা জীৱনত আটাইৰে শতকৌটি কামনা

সন্দিগ্ধ হৰতন মোৰ অত্যাধিক নঞৰ্থক ভাৱনা ।

ব্যস্ততাৰ পৰত আজি ভূমিৰ বাবে কুৰুক্ষেত্ৰ ৰণ

মুৰাৰি উপাসনাই ভৰি দিব জানো অনুকূল মন, 

সহস্ৰ সমিধান লৈ আগবাঢ়িছিল আপদৰ পিনে

কৌৰৱৰ চক্ৰবেহুত উভতনি নহ'ল কোনোদিনে ।

তুমি হেতুকে মূৰুতিত কিঞ্চিৎ হাঁহি বিৰিঙীয়ায়

অন্যথা অতীতৰ বিচেষ্টাৰ বিপাকে নিতৌ কন্দুৱায়,

সমস্যাৰ বোৱতি নৈ "জীয়াধল" ভেটি দিব যোৱা 

যথাৰ্থপক্ষে পথভ্ৰষ্ট তথা অধমৰ্ণ হ'বলৈ বাধ্য হোৱা।

অল্পবিদ্যা ভয়ংকৰী আজি নপতা ফুকনে বুজালে

আত্মবৰ্গ বিসংবাদে আমঠুত তাল-ফাল লগালে 

বাংবিং বাণী শুনোৱাই অব্ধিদ্বীপাত একাকিন কৰা

অলসৰ ৰণ যুঁজি মোৰ দুৰৱস্থা অতীতৰ পৰা ।

হিংসাত্মক মাৰ্গৰ পুৰস্কাৰত লগালো খেলিমেলি

অজান জীৱনৰ অধ্যায়ত এক নতুন পাতনি মেলি

মাহিনাৰ নামত আত্ম সম্ভ্ৰম হেৰুৱাই নহও বীৰোচিত

কিঙ্কৰালি ত্যাগ দি আৰব্ধ কৰিছো শূন্যৰে জীৱিত ।


জোনাকৰ ৰাতি



জোনাকৰ ৰাতি 

সূৰ্য্যধৰ পায়েং.

প্ৰকৃতিয়ে নিজেই আঁকে নিজৰ ছবি ।
যেন জোনাকৰ আলিংগনত প্রকৃতিয়ে সাৰ পাইছে ।।

জোনাকৰ ৰাতিত 
বতাহজাকে নীৰৱ হল,
তথাপিও পাতবোৰ কঁপে;যেন জোনাকে গান গাইছে।।
নৈৰ পানীত জোনাকে দেখে নিজৰ প্ৰতিচ্ছবি 
যেন নৈ খনেই তেওঁৰ প্ৰিয়।।

জোনাক ৰাতি নীৰৱ হলেও 
জোনাকৰ মৃদু পোহৰে স্পৰ্শ কৰে মোৰ মন,
য'ত শব্দৰ আগত থমকি ৰয় হৃদয়ৰ গভীৰ স্পন্দন।।

এই ৰাতি মোৰ বাবে এটি কবিতা 
য'ত শব্দ নাই,আছে মাতো জীৱনৰ গভীৰতাৰ সুৰ 
যত আকাশ আৰু পৃথিৱী মিলি যায়; 
যত মই বিচাৰি পাওঁ জীৱনৰ প্ৰকৃত অৰ্থ।।

অশ্ৰু সুখলতা টাইদ



অশ্ৰু

সুখলতা টাইদ


 য'ত তোমাৰ বাবে কোনো ঠাই নাই
য'ত তোমাৰ অশ্ৰুৰ কোনো মূল্য নাই
য'ত তোমাৰ আৱেগৰ কোনো সহাৰি নাই।
কাক দেখিবা তোমাৰ হৃদয়ৰ সৃষ্টি গৃহত
কাক কবা তোমাৰ বৃন্দাবনৰ লীলা।
কাক কবা তোমাৰ সপোনৰ কথা।
কোনে  পাৰে ৰৈ থাকিব বিশাল আকাশত,
কোনে পাৰে বিচাৰিব জীৱনৰ  অন্তিম ক্ষণ।
কোনে জানে কাৰ ক্ষণ কেনেকৈ গণিছে।
যত মনৰ দুখ বোৰ উকাশত উৰিব
বিশাল সাগৰলৈ।
হয়টো তেতিয়াহে কমিব হৃদয়ৰ বেদনা।
অশ্ৰুৰ কোনো মূল্য নাই, আৱেগৰ কোনো সহাৰি নাই, হৃদয়ৰ কোনো স্থান নাই।


নীলা খামৰ চিঠি


তোমালৈ বুলি



তুমি আহিবা বুলি বাৰে বাৰে মন
পদূলি মুখলৈ চাও,আগ চোতালৰ কৰবী জোপাহ
কিজানি সুৱাস পাও।               ✒সুখলতা টাইদ


 

 পঢ়ক যোৱা সংখ্যাটিঃ-শনিবৰীয়া নিয়ৰ


মৰমৰ
     প'ল
      হৃদয়ৰ মৰমবোৰ নিস্বাৰ্থভাৱে  তোমালৈ পঠালো। তোমাৰ সোনালী হাতেৰে মোৰ মৰম, শ্ৰদ্ধা নিবেদিলো গ্ৰহণ কৰিবা বুলি আশা ৰাখিলোঁ। পৃথিৱীৰ বুকুত যেনেকৈ সকলোৱে সাৱটি আছে, ময়ো তোমাৰ বুকুত নিৰ্ভয়ে, নিস্বাৰ্থ মনেৰে সাবতি উমনিব বিচাৰো। পুৱাৰ বেলি ৰঙচুৱা হৈ দিনৰ ভাগত উজ্বল ৰশ্মি বিলাই তেনেকৈ তোমাৰ হাতৰ পৰশতে মোৰ সৰ্বোচ্চ সুখৰ সন্ধানত তোমাৰ কাষ চপাই। তুমি তুমি লগা মোৰ প্ৰতিটো খোজৰ ছাঁৰ সতে ময়ো কথা পাতো কিজানি মোৰ তোমাৰ প্ৰতি থকা মনৰ বতৰাবোৰ তোমাৰ কানত পেলাই। বুজি নাপাওঁ, বুজাব ও নোৱাৰো মোৰ এই অবুজ মনৰ হৃদয়খন। তুমি বুজি পাবানে এই যে সন্ধিয়া ৰঙচুৱা সুমথিৰা যেন লগা তোমাৰ কেঁচা কলিজাৰ পাৰে পাৰে মোক ৰাখিবা নে প'ল। আজিকালি কিয় জানো মোৰ সঘনাই তোমালৈ মনত পৰে।তুমি অহাৰ বাটে বাটে ময়ো নয়ন জুৰি চাও। নদীৰ পাৰত যে আমি সৰুতে বালিমাহি চৰাই জাকৰ লগত কেনেকৈ যে উৰি ফুৰিছিলো। মনত পৰে নে তোমাৰ শৰতৰ কালত নদীৰ পাৰত বহি পানীৰ কুল কুল শব্দৰ সতে আমাৰ যে প্ৰেমৰ নামৰ নৌকা খনি উজাইছিল।  আঘোনৰ বেলি লহিওৱাৰ লগে লগে সোনালী ধানৰ সুৱাসেৰে আমিও আমাৰ নিজ নিজ বাটেৰে উভতিছিলো। জানানে সেই দিনবোৰ আজিও জীপাল হৈ আছে আজিও সেই ঠাইলৈ গৈ মোৰ প্ৰথম প্ৰেমৰ নামৰ বাটটো সতে কথা পাতো,সেই তাহানিৰ সুৰত সুৰ, খোজত খোজ মিলোৱা স্মৃতিৰ সতে কথা পাতিবলৈ,আজিও সজীৱ হৈ আছে।

এতিয়াও শক্তি পাওঁ যে সেই তাহানিৰ স্মৃতিবোৰেই মোক শক্তিশালী কৰি তোলে তোমাৰ অসীম শক্তি লগত মোৰ চিনাকি বাট এতিয়াও পোহৰ দিয়ে। বাস্তৱত সংগ্ৰামৰ লগত এই পৃথিৱীৰ বুকুত যেনেকৈ সকলোৱে যুঁজি আছে তুমি বা ময়ো আছোঁ।সেই নদী, সেই পাহাৰ, মাটি ,বায়ু সকলোৱে সাক্ষী আছে আমি যুঁজি যামে সফলতাৰ আগ চুমিম। ভালপোৱা কম নহয়,কম নকৰিবা, লগ পাম এদিন সেই তাহানিৰ দৰে কথা নহ'লেও অনাগত দিনবোৰৰ সপোনৰ কথা পাতিম।

আহি থকা দিনবোৰত তোমালৈ চিঠি লিখাৰ আৱেগ, ভালপোৱাবোৰ আকৌ উজলিব তাৰেই আশাতে আজিলৈ তোমাক মৰম জনাই সামৰিছো।

                                              ইতি 
                                       সুখলতা টাইদ



তোমালৈ এটি নীলাভ চিঠি



তোমালৈ এটি নীলাভ চিঠি
◾কাৰ্চাং তাকাৰ(তপন পায়েং)

মোৰ কুৱঁলী
         কথা কবিতাৰে ভালপোৱাৰ কথা এটি কোৱাৰ ইচ্ছা এটা আছিল,মই জানো তুমি নুশুনিবা!! অহ পিছে ,তোমাৰ খবৰ নুশুধাই হ'ল নহ'য়, তোমাৰ খবৰৰ বাতৰি মোৰ ঠিকনালৈ ডাক কৰিবাহি দেই,মই আশাৰে বাট চাম॥
     জানা কুৱঁলী, আহিনমহীয়া লাহে লাহেকৈ কুঁৱলীয়ো নামি আহিছে ,কিজানি তুমিওঁ নামি অহা হ'লে ভাল আছিল মোৰ জীৱনলে ,নিয়ৰ কুৱঁলী মিলি যোৱা হলেহেতেন যেন গোটেই জীৱনটোৱে শীতকাল,শীতকাল,বাহ! খৰিৰ জুই এটুকুৰা পুৰি পুৰি চাই হলেহেতেন,জুইৰ কাষে কাষে তুমি আৰু মই ,মাথোন  তুমি আৰু মই ! কি ৰোমন্টিক হ'লেহেতেন ,,তুমি মোৰ কাষৰলে আহিব দেহৰ শীতৰ প্ৰৱনত মোৰ দুহাতৰ আঙুলীত আঙুলীতে থবাহি ,মই তোমালৈ চাম নিৰৱে তুমি চাবা ,জুইয়ে জুইয়ে মিলি সৰ্বদিনৰ শীতকাল ,কেৱল তুমি আৰু মই
মই জানো ! এই দিন কেতিয়াওঁ নাহে ,,বিচাৰিলেওঁ ;কথাবোৰ কবওঁ নোৱাৰি । কলেই যেনিবা ! তুমি যে মোৰ কুৱঁলী হ'ব কি গেৰান্টি আছে । পুৰণিৰ কথা সামৰি নকৈ কুহিপাত মেলিবাছোন ,সৰি যোৱা সৰাপাতৰ কথা পাহৰিব নোৱাৰিনে ?কুৱঁলী॥ কিজানি বুজি পোৱা হলে ভাল আছিল,কেতিয়াবা ভাৱো ভাল লগাবোৰ ভাল হয়েই থাককচোন,ভালপোৱাবলৈ গলে তোমাকেই হেৰুৱাম এইবুলি ভয়ো লাগে ,মোৰ প্ৰতি যি ভাৱনা ,মোৰ প্ৰতি বিশ্বাস কিজানি এইবোৰ হেৰুৱাম নেকি এই কথাওঁ ভাৱো,,বাৰু এইবোৰ কথা বাদ দিয়া ,বাকী ঘৰত  সকলোৰে ভাল নহ'য়,॥ 
                অনাগত নৱবৰ্ষত তোমাৰ সুখ সমৃদ্ধি বৃদ্ধি হওঁক,তাৰেই কামনা পিছে শেষত কি উপসৰ্গ দি সামৰো,তোমাৰ প্ৰেমিক নে তোমাৰ শুভাকাংশী নে অন্য॥

                                 ইতি 
                                 নিয়ৰ

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Followers