শনিবৰীয়া নিয়ৰ ১.৩ (জানুৱাৰী ২০২৫)


 আজিৰ এই শনিবৰীয়া নিয়ৰ ১.৩ সংখ্যাটিত আপোনালোকে পঢ়িবলৈ পাব কবিতা,কুইজ আৰু কেইটিমান চাকৰী সম্বদ্বীয় প্ৰশ্নৰ টোপোলা।কবিতাসমুহ সজাইছে অজয় পগাগ,সুখলতা টাইড,নীল নয়ন মিলি,তপন পায়েং,অচিন কুমাৰে।

শনিবৰীয়া নিয়ৰ ১.৩
শনিবৰীয়া নিয়ৰ ১.৩

শনিবৰীয়া নিয়ৰ ১.৩ ৰ সূচীসমুহ 


 তোমাৰ প্ৰেমত

 অজয় পগাগ

 মই নথকা অনুভৱ

সুখলতা টাইদ

প্ৰেমৰ মহাযুদ্ধ

 অচিন কুমাৰ

 এটি চহা মন

 নীলনয়ন মিলি

 আঞ্চলিক বাতৰি

 তপন পায়েং/কাৰ্চাং তাকাৰ

 কুইজ

 জুনিন নৰহ

 প্ৰতিযোগীতামূলক পৰীক্ষাৰ প্ৰশ্ন

 নতুন তথ্য অসমীয়া


শনিবৰীয়া নিয়ৰ ১.৩
শনিবৰীয়া নিয়ৰ ১.৩


তোমাৰ প্ৰেমত

অজয় পগাগ

তুমি সপোন হোৱা যদি সেই সপোনৰ আশাত

গোটেই জীৱন মই শয়নত থাকিলো হয়,

যদিও ৰঙীন পৃথিৱীৰ নৈসৰ্গিক দৃশ্য দেখাত 

আজীৱন বিৰত থাকিবলৈ সাজু মই ।

যত নিৰাশাৰে ভৰা বুকুত তুমি এক অটুট আশা

যাৰ বাবে প্ৰতি পল তোমাৰেই কামনা,

ৰৈ আছো তোমাৰ ভৰসাত আহিব এদিন কাষলৈ

যদিও সকলোৱে সম্পৰ্কক লৈ অৱমাননা ।

জীৱন পথত বহুত জয় পৰাজয় যুঁজত অৱতীৰ্ণ 

যদিও মাথোঁ এটি পল বিচাৰোঁ শান্তিৰ মৰণ,

যাৰ উপস্থিতি যুগ্ম জীৱনৰ সৰ্বশেষ মোৰ আশাংকা

আৰু আজীৱন জীয়াই থকাৰ তুমিয়েই কাৰণ ।

তোমাৰ প্ৰেমত-অজয় পগাগ
তোমাৰ প্ৰেমত-অজয় পগাগ


আজি তোমাতেই নিজক হেৰুৱাই সেই সপোনৰ আশাত মই আজীৱন বিচাৰিছোঁ যত তোমাৰ 

আদৰণিৰ পথত ফুলি থকা ফুলৰো সুবাস বাঢ়িব

কোনো অমাৱস্যাৰ নিজান তমসা নিশাত তোমাৰ 

ছায়া হৈ পোহৰাই চিৰদিন তোমাৰ কাষতে থকা 

প্ৰতিটো পল তুমি এদিন মোক অনুভৱ কৰিব ।

যদি মোৰ জীৱন গাথাত তুমি সংগীত হোৱা 

তোমাৰ সেই গীতৰ সুৰত মই বিলীন হৈ যাম

যেতিয়া সাগৰ বুকুত ধাৰাষাৰ বৰষা নামি আহে

টোপালবোৰ তাৰ পৃষ্ঠত ৰৈ যোৱাৰ আশা কৰে

যাৰ বাবে নিজকে আজি বহু বুজাই আছো

হয়টো তুমি কোনোবাই এদিন বিচাৰি আহিব ।

যেতিয়া তুমি নিজে কথা পাতিব হেঁপাহ জাগিব 

আৰু নিজক তুমি মৰমৰে সাৱতিব খোজে

আধৰুৱা কাহিনীৰ তৃষ্ণাতুৰ যাত্ৰাৰ শেষান্তৰত

সঁচা প্ৰেমৰ গন্তব্যস্থান নোহোৱাৰ দৰে তুমি

বিচাৰি পাবা মোক তোমাৰ ৰামধেনুৰ ৰঙেৰে 

তোমাৰ আকাশতে এদিন উজলি উঠিব ।





মই নথকাৰ অনুভৱ
মই নথকাৰ অনুভৱ

মই নথকাৰ অনুভৱ

সুখলতা টাইদ

মই আছো তোমাৰ কাষতে সদায় 

বুজিব পৰা নাই তুমি মোৰ দাম।

মোৰ অনুষ্ঠিত কেনে অনুভৱ তোমাৰ,

মই আছো নে নাই কোনেনো জানিব

মই মাথো এটি ধুলিকণা।

মই নথকাৰ অনুভৱ তুমি কৰা নাই 

কাৰন সেই অনুভৱ মই কৰিব দিয়া নাই।

মই আছোঁ সদায় তোমাৰ উকাশটো দৰে

মোৰ নথকাৰ অনুভৱ কৰা নাই।

মই আছোঁ যে তোমাৰ ছাঁয়া হৈ

সেই কাৰণে মই নোহোৱা অনুভৱ কৰা নাই।

মই আছো নে নাই তাৰ খৱৰ কিমান নো জানিব

মই আছো যে কাষতে তুমি অনুভৱ কৰা নাই 

মোৰ অনুপস্থিতিৰ কথা।

মোৰ নামৰ পৃষ্ঠা যেতিয়া শেষ হ'ব

নাজানিম তোমাৰ তেতিয়া কেনে অনুভৱ ?

তেতিয়া তুমি হিয়া উজাৰি বিছাৰিলেও

মই সহায়ৰ হাতখন আগবঢ়াব নোৱাৰিম।

তোমাৰ যে কেনে অনুভৱ,মই তেতিয়া দৃষ্টিহীন।

তোমাৰ কাষত তেতিয়ালৈকে আছো

যেতিয়ালৈকে তুমি নামৰ মোৰ উকাশটো থাকে।

মই আছো নে নাই তাৰ খৱৰ ৰাখিবা জানো 

নে তেতিয়াও মোক ঘৃণা দৃষ্টিৰে চাবা ?

নে তুমি মই নোহোৱা অনুভৱ কৰিবা?

মই গমেই নাপাম মোৰ শৰীৰত কোনে হাত দিব 

কোনে চুই চাব,আত্মিয় সকলে মোৰ নোহোৱা অনুভৱ কৰিব কেইদিনমানৰ বাবে।

তুমিও কৰিবা নে মোৰ নোহোৱা অনুভৱ?

আয়ে বিচাৰিব মোৰ গুন গৰিমা অনুভৱ কৰি

হিয়া উজাৰি, মই কাৰো চকু পানী মুচিব নোৱাৰিম।

তুমিও কান্দিবা নে মই নোহোৱা অনুভৱ লৈ?

নে তেতিয়াও মোক আজিৰ দৰে গালি পৰিবা?

মোৰ হৃদয়ে সদায় কয় তুমি মোৰ হৃদয়ত আছা

তুমিও কান্দিবা এদিন মই নোহোৱা অনুভৱ লৈ। 

কাষলৈ আহিবা নে ?

নে দূৰৰ পৰা মোক বগা কাপোৰেৰে ঢকাটো চাবা।

তুমি নাকান্দিবা মই তোমাৰ চকুপানী চাব নোৱাৰো

চকুলো মচিব নোৱাৰিম,

হাঁহিৰে বিদায় দিবা দূৰৰ পৰা হ'লেও।

মই তাতেই সন্তোষ।

বিদায় মোৰ গৰাকী!

বিদায় মোৰ প্ৰিয়!

বিদায়!

প্ৰেমৰ মহাযুদ্ধ-অচিন কুমাৰ
প্ৰেমৰ মহাযুদ্ধ-অচিন কুমাৰ


প্ৰেমৰ মহাযুদ্ধ

অচিন কুমাৰ


তুমি আমেৰিকা

মই জাপান !

ক্ষন্তেকতে ধূলিশ্যাত কৰিলা

সত-বিসত্ মোৰ

মৰম ভালপোৱা বোৰ

জহি-সহি গল !


জ্বলি-পুৰি ছাই হল

মোৰ অজস্ৰ সপোন

ধূলিৰ সতে বিলিন হল

মোৰ সপোনৰ কাৰেং


কাৰন,

তুমি অতি নিষ্ঠুৰ ভাবে নিক্ষেপ কৰিলা

মোৰ হৃদয়ৰ হিৰোছিমাত

বিষাদৰ এটমিক বম


তোমাক মই বুজা নাছিলোঁ

সেয়ে নকৰিছিলোঁ আত্মসমর্পন

তাতে মোৰ কি দুখ !!


আকৌ যুদ্ধ কৰাৰ বাসনা মোৰ নাই

কাৰন,

শেষ হ'ল মোৰ অলিক সপোন !

ভাগি গল মোৰ হিয়াৰ বান্ধোন !!


 

এটি চহা মন নতুন তথ্য অসমীয়া
এটি চহা মন

এটি চহা মন

 নীলনয়ন মিলি

কেতিয়াবা পুৱা-গধূলিৰ মৃদু
বতাহত
বিচ্ছুৰিত হোৱা সেউজ সেউজ
ঐনি:তমবোৰত
পমি যায় মন, আৰু সেইদৰে
উৰি বৈ যায়
ভাৱনাৰ নৈ-ত, চহা মানুহৰ জীৱন।
প্রতিটো দিনৰ গতিশীল সময়ৰ
আঁচোৰত,
ধোঁৱাময় দুৰ্গন্ধেৰে আৰ্তনাথ
পৃথিৱীৰ
যদিওবা নিগৰে তেজ মানুহৰ
কলিজাৰ পৰা
তথাপিও ভাবো মই, সঁজাল
এই বসুন্ধৰা।
আঞ্চলিক বাতৰি
আঞ্চলিক বাতৰি-তপন/কাৰ্চাং


 আঞ্চলিক বাতৰি

তপন পায়েং/কাৰ্চাং তাকাৰ


ৰেডিঅত আৰু নাবাজে  আই

পুৱাৰ আঞ্চলিক বাতৰি 

ৰেডিঅৰ বেটাৰীৰো সময়ো উকলিল ,

ৰেডিঅত নতুন বেটাৰী লগোৱা মানুহজনো হেৰাল ।


কথা দি গৈছিল ,গুৱাহাটীৰ পৰা উভতি আহিলে 

পেঞ্চি বজাৰৰ  পৰা চোলা কিনি আনিব

অনামিকাৰ বাবে ৰঙা ফ্ৰক এটি কিনিব

ৰঙাফ্ৰক বিচাৰি থাকোতেই দেতাওঁ লুকাল,,


চোতালত  চকীত বহি বাতৰি কাকত 

আজিৰ পৰা নপঢ়িব 

আপঙৰ নিচাত তোমাক আৰু ধেমালীত নোজোকাব,


ঐ বুঢ়ী দিয়া মোৰ ভাগতো

আপং বাতিটো

কিমাননো অকলে অকলে গিলিবা আপঙৰ ৰাগিক

খঙতে কাহঁৰ বাটিতো কাকনো !! ঢলিয়াবা আই ॥


কুইজ


১। কোনখন সাগৰত জাহাজ চলাচল নকৰে ?

উত্তৰঃ-চাৰগোজা সাগৰত।

২।কোনখন দেশক প্ৰাচ্যৰ পেৰিচ বুলি কোৱা হ'য়?

উত্তৰঃ-চীনৰ চাংহাই চহৰক।

৩।ICC ৰ কাৰ্যালয় কত আছে?

উত্তৰঃ-ডুবাইত।

৪।আটাইতকৈ গৰম গ্ৰহটোৰ নাম কি?

উত্তৰঃ-বুধ।

৫।ভাৰতৰ ডাক টিকট কত ছপা কৰা হয়?

উত্তৰ:- নাচিকত

সংগ্ৰাহক-জুনিন নৰহ


প্ৰতিযোগীতামূলক পৰীক্ষাৰ প্ৰশ্নসমুহ


১।গুৱাহাটী সন্ধি কাৰ মাজত হৈছিল?

(ক)ৰবাৰ্ট ক্লাইব আৰু গদাধৰ সিংহৰ মাজত

(খ)টমাছ কেম্পবেল আৰু পুৰন্দৰ সিংহৰ মাজত

(গ)ডেবিদ স্কট আৰু গৌৰীনাথ সিংহৰ মাজত

(ঘ)কেপ্তেৱেইন ৱেলচ আৰু গৌৰীনাথ সিংহ


২।অসমৰ নতুন ৰাষ্ট্ৰীয় উদ্যানখন হল-

(ক)মানাহ

(খ)পভা

(গ)ছিকনাঝাৰ

(ঘ)গিবন


৩।অসমৰ পূৱ-পশ্চিমৰ শেষত থকা জিলা দুখন কি কি?

(ক)হাইলাকান্দি আৰু শোনিতপুৰ

(খ)গোলাঘাট আৰু তিনিচুকীয়া

(গ)ধুবুৰী আৰু ধেমাজী

(ঘ)তিনিচুকীয়া আৰু ধুবুৰী


৪। অসমত কোনজন ৰজাৰ দিনত সতীদাস প্ৰথা বন্ধ কৰা হৈছিল?

(ক)পুৰন্দৰ সিংহ

(খ)চন্দ্ৰকান্ত সিংহ

(গ)গৌৰীনাথ সিংহ

(ঘ)লক্ষ্মী সিংহ


বিশেষ ঘোষনা

নতুন তথ্য অসমীয়া'ৰ লেখক সকলে আমালৈ লেখা প্ৰেৰণ কৰোতে DTP কৰিয়ে পঠিয়াব,লগতে লেখাসমুহ যেনে প্ৰবন্ধ সমুহ ৬০০-১২০০ শব্দৰ ভিতৰত হলে ভাল , যাতে সম্পাদনা কৰোতে অসুবিধা নহ'য়।



Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Followers