নামঘৰ : অসমীয়া সমাজৰ জীৱনৰেখা
অসমীয়া সমাজ খনক সমন্বয়ৰ এনাজৰীৰে বান্ধি ৰখা এটা অনুষ্ঠান হৈছে নামঘৰ । নৱ বৈষ্ণৱ ধৰ্ম প্ৰচলনৰ সময়ৰে পৰা অৰ্থাৎ শংকৰদেৱৰ কালৰে পৰা অসমীয়া সমাজত যি নৱজাগৰণৰ উত্তৰণ ঘটিছিল ঠিক সেই সময়ছোৱাৰ পৰাই অসমত অনেক ধৰণৰ প্ৰগতিৰ বাট তথা নতুন চিন্তাশীল মননকেন্দ্ৰিক ভাৱ ধাৰাৰ উত্থান ঘটিছিল আৰু তাৰ ফলস্বৰূপে নামঘৰ সৃষ্টি অন্যতম। অসমীয়া সমাজত শংকৰদেৱৰ নামঘৰ প্ৰচলনে ভিন্ন সময়ত ভিন্ন ধৰণৰ প্ৰভাৱ পেলাইছিল । যেনেকৈ নামঘৰক পবিত্ৰ স্থান হিচাপে গণ্য কৰা হৈছিল। ঠিক তেনেদৰে নামঘৰক বিভিন্ন মঞ্চ হিচাপে ব্যৱহাৰ কৰিছিল।
"অসমত বৈষ্ণৱী সাধু শংকৰদেৱ,দামোদৰ দেৱ আৰু মাধৱদেৱে অসমীয়া সমাজৰ বাবে প্ৰতিষ্টা কৰিছিল"
ৰাজহুৱা মঞ্চ: সমাজৰ উন্নতিৰ বাবে বা গাঁৱৰ উন্নতিৰ বাবে সমাজ খনত এক সুস্থ সবল সমাজৰ প্ৰয়োজন। নিজৰ মৌলিক কথা সমূহ উপস্থাপন কৰাৰ বাবে বা নিজৰ চিন্তাধাৰাক বিতৰণ কৰাৰ এটা উপযুক্ত মঞ্চ । যত গাঁৱৰ মানুহে এইখন মঞ্চত কোনো আক্ষেপ নাৰাখি সমাজৰ লাভৰ বাবে বা ভালৰ বাবে নিজৰ মতামত দাঙি ধৰাৰ এক উপযুক্ত প্ৰতিষ্ঠান।
পঞ্চায়তী ৰাজ : গাঁৱৰ বিচাৰ বিবেচনা কৰা উপযুক্ত স্থান হিচাপে নামঘৰক লব পাৰি। অসমীয়া সমাজত গাঁৱৰ বিবাদ সমূহৰ বিষয়ে নামঘৰত সেই বিবাদ সমূহৰ সিদ্ধান্ত লোৱা হয়। বিভিন্ন ধৰণৰ বিচাৰ সমূহ নামঘৰৰ মজিয়াতে মীমাংসা কৰা হয় । কিয়নো নামঘৰক পবিত্ৰ স্থান হিচাপে গণ্য কৰা হয় সেয়ে বিচাৰত ভাগ লোৱা ব্যক্তি বোৰেও কোনো মিছাৰ আশ্ৰয় নলয় ।
- "শ্ৰীশ্ৰী আঠাখেলীয়া নামঘৰ অসমৰ গোলাঘাট জিলাত অৱস্থিত,আহোম স্বৰ্গদেউ গধাদৰ সিংহই নিৰ্মান কৰিছিল"
গ্ৰাম্য সংস্থা : নিজৰ সংস্কৃতিক ধৰি ৰখাৰ অন্য এক ঘৰ হিচাপে নামঘৰক কব পাৰি। কিয়নো সেই নামঘৰতে অসমীয়া ডেকা গাভৰু বুঢ়া মেথা সকলে নিজৰ সংস্কৃতিৰ অধ্যয়ন কৰে অৰ্থাৎ আমাৰ প্ৰাচীন সংস্কৃতিৰ যেনেকৈ ভাওনা অথবা অসমীয়া সমাজৰ পৰম্পৰাক ধৰি ৰাখি উজ্জীৱিত কৰি তোলাৰ ঘাই প্ৰয়াস কৰে। নামঘৰতে ডেকা সকলে গোট খাই নিজৰ নিজৰ সংস্কৃতিৰ বিষয়ে মতামত প্ৰদান কৰে।
আধ্যাত্মিকতা ৰক্ষা কৰা : নামঘৰৰ গুৰুত্ব পূৰ্ণ বিষয়বস্তু হিচাপে আধ্যাত্মিকতাক আঙুলিয়াব পাৰি। ধৰ্মীয় বিশ্বাস সমূহে মানুহৰ মনত থকা কেৰুন সমূহ আঁতৰাই নতুন বাটৰ মুকলি কৰে । যত নামঘৰত প্ৰৱেশ কৰাৰ লগতে মানুহে ঈশ্বৰ বিশ্বাসী আৰু ভগৱন্তৰ ওচৰত সমৰ্পিত কৰে। এইটো নহয় যে ধৰ্মৰ নাম লোৱা মানে ধৰ্মক বেয়া দিশত ব্যৱহাৰ কৰা । দৰ্শনৰ ফালৰ পৰাও দৃষ্টিকোণ কৰিলে ধৰ্মক আমি কৰ্মৰ লগত সংযুক্ত কৰিব পাৰি।
নামঘৰ আৰু নামঘৰৰ সম্প্ৰসাৰণ :
নামঘৰ প্ৰতিষ্ঠা কৰিছিল ১৪৬৮ চনত শংকৰদেৱৰ নেতৃত্বত নগাঁৱৰ বৰদোৱাত ।
"ঢেকীয়া খোৱা বৰনামঘৰ অসমৰ এটা বিখ্যাত পুৰণি নামঘৰ,যিটো মহাপুৰুষ মাধৱদেৱে ১৪৬১ চনত প্ৰতিষ্টা কৰা হৈছিল"
সমত সেই সময়ত অনেক ৰজাৰ শাসন চলিছিল। আৰু শাসনে অসমৰ দেশৰ স্বাধীনতা আৰু ৰাজনৈতিক অৰ্থনৈতিক দিশক জৰাজীৰ্ণ কৰিছিল। আৰু সেই সময়ছোৱাতে শঙ্কৰদেৱে অসমৰ বিভিন্ন ঠাইত ঘূৰি ফুৰি দেশৰ বিষয়ে অধ্যয়ন কৰি সভ্য সমাজ প্ৰতিষ্ঠা কৰাৰ বাট মুকলি কৰিব বিচাৰিছিল। কিন্তু শঙ্কৰদেৱে ৰজা সমূহৰ ক্ৰোধ নাশ কৰি নতুন ধৰ্মীয় ব্যবস্থাৰ সঞ্চাৰণ ঘটাইছিল।শঙ্কৰদেৱে পোন প্ৰথমে বৰদোৱা আৰু আলিপুখুৰিত ধৰ্ম প্ৰচাৰ কৰে( নৱ বৈষ্ণৱ) । পত্নী প্ৰসাদ নামৰ অংকীয়া নাটেৰে আৰম্ভ কৰি ধৰ্মীয় সত্ত্বাক নতুন ধাৰাৰ প্ৰৱৰ্তন কৰে। কোচ ৰাজ্যৰ আক্ৰমণৰ ফলত আহোম সকলৰ মাজত জৰাজীৰ্ণ অৱস্থা হৈ পৰিছিল। তেনেস্থলত শঙ্কৰদেৱে (মাজুলী) ধুৱাহাতলৈ প্ৰবজন কৰে।
নামঘৰৰ বিশদ অংশ :
নামঘৰৰ চৌহদটো ন ভাগত ভাগ কৰে। মণিকূটৰ ওচৰৰ পূৱ অংশ , যত গুৰু আসন ৰখা হয়, প্ৰথম কোঠা বা মূৰ হিচাপে গণ্য কৰা হয়।।
দ্বিতীয়টো হৈছে হৃদয়।
তৃতীয় হল পেট
চতুৰ্থ নাভি
পঞ্চম উৰু
ষষ্ঠ হৈছে ফুট।
নামঘৰৰ স্থাপত্য আঁৰ্হি
আয়তাকাৰ আকৃতিঃ- নামঘৰবোৰ আয়তাকাৰ আকৃতিৰ ,পূবৰ পৰা পশ্চিমলৈ যোৱা খালী পদ/গেবেল থাকে। মূল হলটোৰ দুয়োকাষে ভক্তগণে বহি কীৰ্তন,ঘোষা পাঠ কৰে।
বাৰণ্ডা/চৌহদঃ-নামঘৰৰ বাহিৰৰ বেৰত বাৰণ্ডা।
ছাদঃ-ছাদখন হাতীৰ পিঠিৰ দৰে অথবা কাছৰ চলঙৰ দৰে।
নিতম্বঃ- নামঘৰৰ নিতম্বৰ অংশ এপচিডাল,ভগৱান বিষ্ণুৰ গোৰোহাৰ দৰে ।
মণিকূটঃ-নামঘৰৰ মূৰত এটা স্বতন্ত্ৰ কোঠা যত কাঠৰ সিংহাখনৰ দৰে ।
প্ৰৱেশদ্বাৰখনঃ- সিংহ,হাতী,হনুমানৰ ভাস্কৰ্য সজোৱা থাকে।
please share korok
ReplyDelete