(মিচিং জাতিৰ প্ৰতি অকৃত্ৰিম চেনেহ থকা পৰিৱেশ সংৰক্ষক, লেখক ভাতৃ সুমিত দাস'লৈ)
◼তপন পায়েং
এতিয়া আকাশ ৰঙচুৱা ঠিক ন-কন্যাৰ কপালৰ শিৰৰ সেন্দুৰৰ দৰে। ডিঙি ওখমুৱাকৈ চালেই দেখিবা ওখ ওখ শিমলুৰ ৰঙা ৰঙা হাঁহি ,আমাৰ গাৱঁলৈ বুলি বাটৰ দিশ থোৱালেওঁ দেখিবা বাটৰ কাষে কাষে থকা শিমলু অথবা মদাৰৰ ফুল,তাত তুমি শিমলু-মদাৰৰ সুবাস বিচাৰি নাপাবা,পাবা শিমলু গছৰ কাষৰ নদীৰ পানী তুলিবলৈ অহা নবৌহঁতৰ খিলখিলীয়া হাঁহি। এই খিলখিলীয়া হাঁহিত বুৰ নাযাবা,কি ঠিক এই খিলখিলীয়া হাহিঁৰ নিচাত আমাৰ গাৱঁলৈ যোৱা বাটৰ কথা পাহৰিবটো পাৰে ,খেৰাকৈ নবৌহঁতলৈ চায় ৰৈ নিদিবা,নুশুনিবা সাংসাৰিক কথা ,নুশুনিবা তেওঁলোকৰ অতীতৰ প্ৰেমৰ কথা তেওঁলোকৰ যি প্ৰেমৰ কথাই আপোনাক আপোন পাহৰা কৰিব পাৰে , মিছাতে চলিব পাৰে আপোনাৰ প্ৰেমৰ অপবাদ যি বতাহে বতাহে সিচৰিত হ'ব পাৰে।এনেই ফাগুন মতলীয়া ,ফাগুনে নাজানে কাৰ কি প্ৰেম, ফাগুনে মাথো জানে প্ৰেমৰ প্ৰচাৰ কৰা মুক্ত আকাশতে।
আলিয়ে আলিয়ে এগে-গাছৰ পিন্ধি ,হৰিণীৰ জুম দেখিলেই তেওঁলোকৰ পিছে পিছে খোজ দিবা ,এই হৰিণী ভনীহতঁক নোজোকাব,নকবা ফাগুনৰ মতলীয়া প্ৰেমৰ কথা ,এই হৰিণী জুমবোৰ সৰু সৰু পুলি লহপহকৈ বাঢ়ি আহিব খোজা শিমলু ,প্ৰেম বলিয়া ফাগুনৰ কথা শুনিলেই কান্দোনত শিমলুৰ তুলা হৈ উৰিব পাৰে । এনেওঁ গম লব পাৰা দূৰৈৰ পৰা মাইকাৰত ভাহি অহা অইনিঃতমৰ কলিসমুহত , নাইবা ওচৰৰ গাৱঁৰ ডেকা বন্ধু সতেওঁ মিবু গালোক(চোলা) পিন্ধি আহিব ,পাৰিলে সুধি চাবা।ডেকাসকলে লৈ যাবহি বাট দেখুৱাই লৃগাং তলিলৈ ।
জানিবা, বুজিবা আমাৰে আলি আয়ে লৃগাঙৰ কথা,গাৱঁৰে নবৌহঁতে নগজিন আপং বাকি দিলে নাখাওঁ বুলি নকবা মামহঁতে(নৱৌ) বেয়া পাব পাৰে ।কোনোবা মৃমবৃৰে(গাভৰু)চাই মদ কাহঁৰ বাটিত দিওঁতে মিছিকিয়াঁ হাহিঁ মাৰি আপোনালৈ চায় দিব, তাইৰ হাহিঁলৈ চায় প্ৰেমত পৰিছো বুলি নকবা, এই প্ৰেমত মই সহায় কৰিব নোৱাৰিম ,এই প্ৰেমৰ কাহিনীত নিজেওঁ এটি দীঘলীয়া পদ্য লিখিব পৰা নাই আজিলৈকে ,কত বিশটা ফাগুন পাৰ হৈ গ'ল কত লৃগাং শেষ হৈ গ'ল।
লৃগাঙৰ দিনা অইনিঃতমৰ কলি এটিওঁ জুৰিব জানা, যদি গাব পাৰা ঠুলমুলকৈ হলেওঁ
লত্তাদ লেনাম আপ্পুন দৌঃম হৌ ঐয়েঙা
বুনপাক কুঃপৌ মৌঃয়ে বং ঔ ঐয়েঙা
(( চোতালত ৰুৱা ফুলপাহ ঔ মৰমী,ওভালিব নিবিচাৰিব ঔ ঐয়েঙা))
অৱশ্যে এটা কথা ঢকুৱাখানাৰ দৰে ইয়াত পাতিৰ,পাঞাং মদাৰ নাপাব পাৰে,আমাৰ ৰঙানৈত নৰহ,পায়েং,মিলিৰে শিমলু ফুল । মৃমবৃৰ সকলৰ আগত পাঞাং কাংকান কায়োমৰ কথা ওলিয়ালে নৰহ বৃৰমৌঃ(ভন্টী)ৰ চকু ৰঙা হ'ব পাৰে ।
এনেকৈ যদি গগৈ,কলিতা,দাস হৈয়ো অইনিঃতম গাব জনাৰ কথা গম পায় কত আইতা,নবৌ হতে ভাল পাব আপোনাক ,মিবু গালোক পিন্ধাই কিমাজনী মৃমবৃৰে আপোন হব ,আপুনি আঙুলীৰ মুৰতে ৰৈ গনিব নোৱাৰিব মৃমবৃৰৰ নাম ।
আপোনাক কিমানজনে আদৰ-আদৰ কৰিব,ডিঙিত মাবলাৰ পিন্ধাব,পুৰাং -আপিন,এগ আদৃন(গাহৰী মাংস) আৰু চাইমদৰ নিচাত যেন বছৰটোৱেই লৃগাং লৃগাং হৈ থাকক। নবৌহতঁৰ হাতেৰে পুৰাং আপৃন আৰু এগ আদৃনৰ সোৱাদ লওঁতেই দেখিবা বাওঁফালৰ পৰা য়ামে-মৃমবৃৰ(ডেকা-গাভৰু)ৰ গুমৰাগ নৃত্য আৰম্ভ হ'ব । বাজিব ঢুমঢুম-লুপেঃ(ঢোল-তাল),য়ামেঃ সকলে মিবু গালোক আৰু গনৰঃ উগন(চুৰিয়া )পৰিধান কৰিব আৰু আপুনি ভালপোৱা মিচিং কনেং সকলে মচাং এগেঃ(মিচিং ফুল বচা মেখেলা) পিন্ধি গুমৰাগ ৰাগ কৰিব । আপুনি আৰু মই চায় থাকিম দৰ্শকৰ দৰে নগজিন আপং ঠহঙা মামঃৰ কাষতে আপঙৰ নিচাতে সুলকি যোৱা পেন্টটোৰ দৰে সুলকি নপৰিব কাংকান কায়ুমহঁতে হাহিঁব ,আপুনি লাজ পাব পাৰে আপোনাৰ দৃষ্টিত ভাল লগা নৰহ কনেং জনীৰ আগত । সুলকি যোৱা পেন্টটোত টমাল বন্ধাৰ দৰে নিজকে বান্ধি ল'ব মৃৰংঘৰৰ এচুকত। ককাঁলত টমাল বান্ধি হোৱাৰ পিছত জপিয়াই পৰিম গুমৰাগৰ মাজত নাচিম হাতে হাত ধৰি__
লঃলে লঃলে দাৱ লঃলে
চৃচুক চুঃমব চুঃমব বদিয়া....
নাচি থাকিম নাচি থাকিম নিশা নোহোৱালৈকে। আপোনালৈ মিচিকিয়াঁ হাঁহিৰে চাই অইনিঃতম জুৰিব,ককাঁলত টমাল বান্ধা চায় লাজুকুৰীয়া হাহিঁৰে । আপুনি এই হাহিঁত মনোযোগ দিলে মুৰ্চায়িত হ'ব পাৰে ,মনোযোগ নিদিব মনোযোগ দিলেই মনৰ কথা মনতেই থাকিব,কোন কাহানিকে ক'ব নোৱাৰিব আপুনি নৰহ কনেঙক "আইপৌঃ মৌঃনামৰ (ভাল পোৱা )কথা । লৃগাং শেষৰ পাছত নিজৰ মাজতে অনুতাপ কৰিলেতো নহ'ব ,,এই লৃগাং আকৌ আহিব ,কিন্তু এই নৰহ কনেং জানো থাকিব একদৰে। শিমলুৰ ফুলপাহঁত কত শালিকা উৰি ফুৰে ,আগন্তুক লৃগাঙলৈ বাট চাওঁতে চাওঁতে এই ফুলপাহো তুলা হৈ উৰি যাবগৈ ,পিছত গৈ নৰহ'ৰ মামঃৰ আগত কন্দাকটা কৰিলে জানো হ'ব।
গতিকে সাজি কাছি আহিবছোন ,মিচিং গীতৰ আখৰা কৰি ,চাওঁতে চাওঁতে লৃগাং পদূলিত পালেহি । লৃগাঙলৈনো আৰু কেইদিনৰ বাট । আপোনালৈ বৰ হেপাহেঁৰে ৰৈ অাছে খাবলু ঘাটৰ নাৱৰীয়া বলু ককাইয়ে।
This comment has been removed by the author.
ReplyDeleteokay mangal pandey
Delete