
শনিবৰীয়া নিয়ৰ লৃগাং বিশেষ

মা
নীলনয়ন মিলি
![]() |
মা-নীল নয়ন মিলি |
মা!
তুমি আমাক জনম দিলা
দেখুৱালা পোহৰ বাট
এই বিশাল বসুন্ধৰাত।
মা!
তুমি আমাক জ্ঞান দিলা
তামস ৰাতি পোহৰাই তুলিলা
তোমাৰ ত্যাগৰ দিম প্ৰতিদান
আমাৰ কৰ্মৰে কৰি তুলিম তোমাক মহান।
মা!
তুমি আমাৰ আপোনৰো আপোন
তোমাৰ বাবেই হৃদয়ত প্রতিনিতে চাকি জ্বলাওঁ জন্ম-জন্মান্তৰে যেন তোমাকে পাওঁ।
"অ কনেং"
দীপাংকৰ কুটুম
অ কনেং গম পাইছানে বাৰু
তুমি লৃগাংৰ বতৰ
সোনমনা ফাগুনীয়া বতাহ জাঁকৰ সৈতে ন ৰূপত ফুলিছে শিমলু ফুল
সমুখত অতিকৈ চেনেহৰ
আলি-আয়ে লৃগাং ।
মিচিং জাতিৰ দাপোন আনি দিব
সমদল গতি মহা মহা জীৱনৰ
শান্তি আৰু আনন্দ ।
আনন্দত স্নিগ্ধ জোনাকেও দিব জ্যোতি ।
তোমাৰ অসীম পৰসত
লুইতেও জনাৱ সহাঁৰি
অ কনেং তুমি আহিবা নহয় লৃগাংঙলৈ ।
হেপাঁহৰ লৃগাংৰ আনন্দত ,
নাচিব কুমাৰ কুমাৰী
নানা ৰঙীন সাজত ।
পুৰাং আপিন ,পৰ আপং ঙচান অঙৰ
জুতি লৈ ঢূলৰ চেৱে চেৱে ঐনিতম এপাকিৰে গুমৰাগ নৃত্যত মতলীয়া হম ।
মাথো তুমি এবাৰ আহিবা লৃগাংলৈ
নেপাহৰিবা আকৌ,
ৰিবি গাছেং গাপা গালে পিন্ধি আহিবলৈ
তুমি আহিলে
দুয়ো হেপাঁহ পলুৱাই নাছিম দেই....
অ কনেং আহিবা নহয় ।
**
নদীৰ সৈতে আমাৰ এৰাব নোৱাৰা সম্পৰ্ক
অনুভৱ প্ৰিয়ম মিৰি
আমি উলংগ হোৱা দিনৰ পৰা
নদীৰ সৈতে সম্পৰ্ক আমাৰ
নদীৰ সৈতে আজন্ম প্ৰেম আমাৰ
আমি কাপোৰ পিন্ধা দিনৰ পৰা
নদীৰ দৰে জীপাল হৈ পৰিছে
আমাৰ সমাজ-সংস্কৃতি
মিছৰীয়,মেছ'পটেমিয়া
সিন্ধু-হৰপ্পা-মহেঞ্জোদাৰোৰ আগৰ পৰা
নদীৰ সৈতে আমাৰ এৰাব নোৱাৰা সম্পৰ্ক
নদীৰ উপত্যকাতেই গজি উঠে
আমাৰ জীৱন জীয়াৰ সপোন
আমাৰ দৈনন্দিন জীৱন যাত্ৰাৰ কৰলৱ
নদীয়ে জানে আমাৰ সঠিক ঠিকনা
আমাৰ দুখ-দুৰ্দশাৰ চৈ দিয়া নাও
আমাৰ হাঁহি-কান্দোনৰ ঐনিতম
প্ৰাগৈতিহাসিক দিনৰ পৰা
বৰ্তমান পাৰ হৈ
যিমান দিনলৈকে নদী বৈ থাকিব
সিমান দিনলৈকে আমাৰ আয়ুস ৰেখা
আমাৰ উশাহ-নিশাহ
নদীৰ সৈতে আমাৰ এৰাব নোৱাৰা সম্পৰ্ক
এইয়ে নদীৰ দৰে বৈ আমাৰ স্বভাৱ-চৰিত্ৰ
আমাৰ কঁহুৱা ফুলা অনুভূতিবোৰ
কেতিয়াবা চাকনৈয়াৰ দৰে জটিল হৈ পৰে
জীৱনৰ জঁই নপৰা সমস্যাবোৰ
বাৰিষা-খৰালিৰ পোছাক পিন্ধি
গৰা খহি সুঁতি সলাই চৰ-চাপৰি পাতি
সুখী হৈ নদী ।
লৃগাঙতে দি আহিম গৈ মোৰ ৰঙা কলিজা
◼কাৰ্চাং তাকাৰ
হেপাঁহৰে হৌৰগক খনি কালৈনো বৈচা
অ মোৰে নীলা চৰাই!
লৃগাং অহাৰে বতৰা ,তোমাৰ খোপাতে এতিয়া শিমলুৰে
ৰঙা ৰঙা ফুল,
তোমাৰে খামুচীয়া দেহাৰে ককাল ভাঙি গুমৰাগৰ ৰাগ
নপৰাকৈ কেনেকৈ থাকো তোমাৰে প্ৰেমত ॥
চাই থৈ আহিম গৈ তোমাৰে পদূলি
দি থৈ আহিম গৈ মোৰ ৰঙা কলিজা
এইবাৰ ন'হলেওঁ,অহাবাৰ লৈ আনিমগৈ মোৰে পজাঁলৈ।
যিখিনি অইনিতঃম পদ্য মাতাদি আওঁৰাইছো,তোমাৰ বাবে।
লেখন দাই গোৱাৰ দৰে ক তা কাৰে কা ৰৃকচুপলাংকা
দন্ত্যয়া ত ,সন্ধিয়া দ॥॥
জীৱন
জীৱন হ'ল চলন্ত ৰেলগাড়ীৰ দৰে। চলি গৈ থাকে। ৰেলগাড়ী ষ্টেচনত ৰৈ যায়। আকৌ গতি আৰম্ভ কৰে। ঠিক তেনেকৈ জীৱনেও সুখ-দুখত ৰৈ যায়। আকৌ চলি যায়। থমকি নৰয়।
জীৱনৰ অংশ কিছুমান হ'ল - হাঁহি কান্দোন , সুখ- দুখ , প্ৰেম-ভালপোৱা , বিবাহ ইত্যাদি। এইবোৰৰ মাজেৰে আমি জীৱনত আগুৱাব লাগিব। ৰৈ গ'লে হাৰি যাম। জীৱনত জিকিবলৈ হ'লে কষ্ট কৰিবই লাগিব , কষ্ট সহ্য কৰিবই লাগিব। নহ'লে জীৱনৰ মূল্য নাথাকিব।
জীৱনটো আমাৰ এবাৰেই। গতিকে এই দুদিনীয়া জীৱনত হাঁহি থকাটো অতি গুৰুত্বপূৰ্ণ। কান্দিবলৈ আমি সকলোৱে পাৰোঁ , কিন্তু আমি মন খুলি হাঁহিবলৈ পাহৰি থাকোঁ। জীৱনৰ কষ্ট বোৰে , আঘাত বোৰে আমাক হঁহুৱাবলৈ পাহৰাই দিয়ে। কিন্তু আমি মনত ৰাখিব লাগিব যে হাঁহিয়েই জীৱনৰ মূল শক্তি। হাঁহিয়ে জীৱনত পজিটিভ ফিল কৰায়।
জীৱনত জীয়াই থাকিবলৈ অকণমান কষ্ট হ'বই। কিন্তু এই কষ্ট বোৰ আমি নোহোৱা কৰিব পাৰোঁ। কিছুমান ভাললগা কামেৰে আমি জীৱনটো আগুৱাই লৈ যাব পাৰোঁ। পঢ়ি শুনি কষ্ট কৰি ভাল কৰ্মসংস্থাপন কৰি আমি আমাৰ জীৱন আগুৱাই লৈ যাব পাৰোঁ। আনক সহায় কৰি আমি জীৱনত আগুৱাব পাৰোঁ।
জীৱনক ভালপাবলৈ শিকি লওঁক। নিজৰ জীৱনটোক ধংসৰ পথলৈ ঠেলি নিদিব। জীৱনটো আপোনাৰ। সুন্দৰ ভাৱে উপভোগ কৰক। মাদক দ্ৰব্যৰ ব্যৱহাৰ নকৰি আনন্দত কটাওঁক নিজৰ জীৱন। এবাৰ জীৱন হেৰাই গ'লে কেতিয়াওঁ ঘূৰাই নাপাব। গতিকে নিজৰ জীৱনটোক মূল্য দিবলৈ শিকক।
নিজৰ জীৱনটোক প্ৰথম মূল্য দিয়ক। তেতিয়াহে আনৰ জীৱনৰ মূল্য বুজিব। জীৱনত হাৰি নাযাবলৈ কষ্ট কৰক সদায়। এদিন জিকিবই। জিকিলে আপোনাৰ সপোন বোৰ বাস্তৱত পৰিণত হ'ব। এদিন আপুনি হাঁহি থাকিব পাৰিব। এই হাঁহিয়ে আপোনাক শান্তি আৰু সুখ দিব।
জীৱনত কাকো হিংসা নকৰিব। নহ'লে আপোনাৰ জীৱনত আপোনাক ভগৱানে হিংসা কৰিব। ভগৱানে হিংসা কৰিলে কিন্তু আপুনি একেবাৰে হাৰি যাব। কেতিয়াওঁ তল পৰিলে উঠিব নোৱাৰিব।
জীৱনত মা দেউতা গুৰুত্বপূৰ্ণ। মা দেউতাতকৈ আপোনাৰ জীৱনত কোনো ইমান আপোন হ'ব নোৱাৰে। আপোনাৰ জীৱনত আপোনাৰ বাহিৰে এটা সময়ত কাষত কোনো নাথাকে। সকলো আঁতৰি যাব।
জীৱনত অকলে চলিবলৈ শিকক। কাকো কষ্ট দি নহয়। জীৱনত যি কৰে অকলে কৰিবলৈ শিকক। কাকো অশান্তি কৰি নহয়।
জীৱনত অকলেই সাহসী হওঁক। কোনোবা এজন আপোনাৰ কাষৰ পৰা আঁতৰি যোৱাৰ পাছত যাতে আপুনি ভাঙি নপৰে তাৰ সাহসকণ গোটাওঁক। যিমান পাৰে অকলে থাকক। কিবা এটা জীৱনত শিকক।
জীৱনত নিজৰ লগতে আনকো কিবা এটা শিকাই যাওঁক। যাতে সকলোৱে উপকৃত হ'ব পাৰে। জীৱনত যিয়েই নকৰক কিয় সদায় ভাল কাম কৰি আগবাঢ়ি যাওঁক।।
✍️কলিতা নিজৰা
দৰং ( ছিপাঝাৰ )